অধিৰাজ : কিমান আৰু নিজকে কষ্ট দিবা অশ্ৰুস্মৃতি... । সুখী হ'বলৈ চেষ্টা কৰা । এইদৰে পাগলৰ দৰে মোক ভাল পাই একো নোপোৱা । কেৱল দুখ পাবা... পাইছা । এতিয়া সেইটোৱে তোমাৰ জীৱন, যিটো তোমাৰ মা-দেউতাই বাছি দিলে । এতিয়াও মোৰ কথা ভাবি, মোক ভাল পাই আনৰ চকুত নিজক সৰু নকৰিবা । নিজক বুজাবলৈ চেষ্টা কৰা যে এতিয়া তোমাৰ জীৱনত কেৱল তেওঁৰ বাহিৰে আন কোনোবা থকাটো শুদ্ধ নহয় । মই জীৱন যুঁজত অসফল ব্যক্তি । প্ৰেমত অসফল ব্যক্তি । আনৰ ভালপোৱাক ধৰি ৰখাৰ সামৰ্থ মোৰ নহ'ল । মোৰ পৰা আৰু কি আশা কৰিছা !

অশ্ৰুস্মৃতি : তুমি মোক খং কৰিছা ? আশা মই তোমাৰ পৰা একো কৰা নাই আৰু ময়ো জানো তেওঁয়ে মোৰ সকলো । কিন্তু মোৰ বুকুখনে যে কিছুমান সিদ্ধান্ত মোক নজনোৱাকৈয়ে লৈ ল'লে তাক মই বাধা দিওঁ কেনেকৈ ? বাধা দিলেই যে মই চিৰদিনৰ বাবে হেৰাই যাম ।

অধিৰাজ : খং ?? মই তোমাক খং কৰিব পাৰো নেকি !! মই আচৰিত হওঁ কিয় ইমান ভালপোৱা ! কি দেখিলা মোৰ ওচৰত ! মইতো তোমাক কেৱল নিৰাশহে কৰিলো । তুমি মোক ভালপোৱাৰ সমান ভালপোৱাও দিব নোৱাৰিলো ।

অশ্ৰুস্মৃতি : তুমি মোৰ নোহোৱা, চিৰদিন তুমি মোৰ কাষত নাথাকা, তোমাক মই কোনোদিনেই নাপাওঁ অথচ কিয় মোৰ বুকুখনে একমাত্ৰ তোমাকেই বাছি ল'লে জীয়াই থকাৰ কাৰণ হিচাপে ! তুমি কেতিয়া কোনদিনা মোৰ পৰা আঁতৰি যাবা তাৰো কোনো নিশ্চয়তা নাই, তুমি বৰ্তমান মোক কষ্টৰ বাহিৰে আন একোৱেই দিব নোৱাৰা বুলি জানিও তথাপি কিয় মোৰ হৃদয়খনে কেৱল তোমাক বাছি ল'লে জীয়াই থাকিবলৈ কাৰণ হিচাপে । কিয় ! কিয় বাছি ল'লে ??? আজি তুমি কাষত আছা সুস্থ হৈ আছো, তুমি হেৰাই যোৱাৰ কথা ভাবিলেই অসুখীয়া হৈ পৰোঁ । কিয় এনে হ'ল অধিৰাজ ? কিয় ???

অধিৰাজ : ময়ো নাজানো । একো উত্তৰেই নাপাওঁ এনে কি দেখিলা যাৰ বাবে ইমান ভাল পালা..... ।


আপোনাৰ বন্ধুৰ সতে ভাগ-বতৰা কৰক