বিষাদ গাথা 


'' আপুনি ফোন কৰা নম্বৰটো এই মূহুৰ্তত হয়টো সংযোগ সীমাৰ বাহিৰত আছে.........'' 

           ওৰেটো ৰাতি একেষাৰ কথা আওৰাই থাকিব সেইফালৰ মহিলাগৰাকীয়ে! কিন্তু মই? এই মূহুৰ্তত এইষাৰ কথা শুনিবলৈ মই জানো বাৰে বাৰে একেটা নম্বৰ ডায়েল কৰি আঁছো ! তেন্তে কিয়, কি কাৰণে ইমান ৰাতি সেই কথাষাৰ শুনি আছোঁ? অন্য দিন হোৱা হ'লে এবাৰতে হয়তো হাৰি গ'লো হয়! কিন্তু আজি কিয় জানো ইমান সাহস আহিল কব নোৱাৰো! মই জানোঁ, ফোন অফ কৰি বহু ৰাতিলৈ উজাগৰে থকা তেওঁৰ পুৰণা অভ্যাস। কিন্তু মোৰ মনত থকালৈ তেনেকুৱা এটা অভ্যাস মোৰটো কেতিয়াওঁ নাছিল, তাৰ পিছতো কিয় আজি নিদ্ৰাহীনতা মোৰ প্ৰিয় বিষয় হ' ল! ওৰেটো ৰাতি কিয় সেই মানুহজনে কি কৰিছে তাকে ভাবি মনৰ মাজত ধুমুহাৰ আৰম্ভণি হোৱা    হ'ল!

           মই বুজি পাওঁ নিদ্ৰাহীনতা তেওঁৰ কাম্য, আৰু তেওঁৰ কাম্য মোৰ অকাম্য, বুজি পাওঁ মোৰ বুকুত গজালি মেলা এই লতাদালে মোৰ তেজ হুপি হুপি এসময়ত মোৰ কলিজাটো উদং কৰি পেলাব! তথাপি কিয় মোৰ বুকুত অহৰহ বিচৰণ কৰি ফুৰে তেওঁ নামৰ অনুভৱ? কষ্টকৰ এই সময়, সচাঁকৈ বৰ বেছি কষ্টকৰ! অহৰহ কাণত বাজি থকা এই মাতষাৰ স্তব্ধ হলেই যেন চিঞৰি চিঞৰি কম            " নিদ্ৰাহীনতা আজি একমাত্ৰ অজুহাত তোমাক অনুভৱ কৰিবলৈ '' 


আপোনাৰ বন্ধুৰ সতে ভাগ-বতৰা কৰক